পৃষ্ঠা:গুৰুচৰিত.djvu/৭২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০৬
গুৰু-চৰিত

 আপুনাৰ মহিমাক আপুনিসে জানে।
বিপৰীত লীলা তাক নজানয় আনে॥
এতেকে জানিয়া লৈলো চৰণে শৰণ।
মোৰ মায়াপাশ দূৰ কৰা নাৰায়ণ॥৩২৮৯
গুৰুৰ চৰিত্ৰ লীলা অমৃত সাগৰ।
মহাপাপ বিমোচন কৰিবে লোকৰ॥
কৰ্ণভৰি পিয়া আক একচিত্ত কৰি।
গুৰুপদপঙ্কজক হৃদয়ত ধৰি॥৩২৯০
পৰম ৰহস্য গুণী বিতোপন।
শুনা কৰ্ণভৰি একচিত্ত কৰি মন॥
গুৰু বিনে সংসাৰত আনগতি নাই।
তথাপি পামৰ নভজোহো আখি খাই॥ ৩২৯১
শঙ্কৰ মাধৱ দুইকো হৃদয়ত ধৰি।
শ্ৰৱণ কীৰ্ত্তন কৰা এক চিত্ত কৰি॥
কহে ৰামচৰণে অজ্ঞানী মন্দমতি।
বোলা ৰাম ৰাম হোক গুৰুপদে গতি॥ ৩২৯২

⸻⸻

লেছাৰি

গৈলন্ত শঙ্কৰ লৰি ৰঙ্গে   ভকতসৱক লৈয়া সঙ্গে
মুখে ৰামনাম কৃষ্ণৰ কীৰ্ত্তন গাই।
এক গৃহস্থৰ ঘৰ পাই   ভিতৰ দেশতে ৰৈলা যাই
পৰম আনন্দে হৰিষৰ সীমা নাই॥