পৃষ্ঠা:গুৰুচৰিত.djvu/৭২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০৪
গুৰু-চৰিত

মহন্ত পুৰুষ দেখি চাহিয়া আছয়।
লাগিল ধিয়ান আন ভিতি নচাৱয়॥
মনত বোলয় কিনো তেজৰ প্ৰভাৱ।
স্ৰৱে নয়নৰ নীৰ শিহৰিল গাৱ॥৩২৭৮
অনন্তৰে নমস্কাৰ কৰিলা চৰণে।
শঙ্কৰে বোলন্ত শুনি বসিয়ো আসনে॥
হেন শুনি সন্ন্যাসী বসিলা অনন্তৰে।
কৈত থাকা বুলি কথা সুধিলা শঙ্কৰে॥৩২৭৯
হেন শুনি সন্ন্যাসী দিলন্ত প্ৰত্যুত্তৰ।
কহিবোহো কথা আমি শুনিয়ো শঙ্কৰ।
দেখিলোহো তোমাক মই ইষ্ট পদ্মফুল।
ৰূপ সনাতন হন্ত আমাৰ মাতুল॥৩২৮০
তযু গুণ নাম আগে আছো শুনি।
মোৰ ভাগ্য আছে দেখা দিলাহা আপুনি॥
কৰিলোহো অপৰাধ ক্ষমিয়োক তাক।
পৰম প্ৰসাদ বাপ দিয়োক আমাক॥৩২৮১
কেৱল ভক্তিক মমা কহিয়া আছয়।
তযু মুখে পাইলো আমি গুচিল সংশয়॥
শঙ্কৰে কহিলা পাচে সন্ন্যাসীক চাই।
ভকতিৰ সাধন সৎসঙ্গ বিনে পাই॥৩২৮২
কেৱল ভক্তিৰ ভাগ ভকত পীৰিতি।
এহি মূল কাৰণক জানিবা সম্প্ৰতি॥