পৃষ্ঠা:গুৰুচৰিত.djvu/৭১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯৯
পঞ্চম খণ্ড

শঙ্কৰে বোল মেয়ে যি লাগে কৰিব।
বৃষ্টিজলে আজি দেখা আমাক তিতাইব।৷ ৩২৫০
এহিমতে যান্তে ভৈলা পদ দশ কুৰি।
তাত পাচে আকাশ পেলাইলা সবে জুৰি।৷
আনিলেক বৃষ্টি বাত ভাঙ্গি হিল দল।
আধা তিতা ভৈলা সবে ভকতসকল॥ ৩২৫১
এক ক্ষেত্ৰি মহাজন আছে সেহি ঠাই।
আথে বেথে চাপিলন্ত তাৰ ঘৰে যাই।
চৌৰা গৃহগুটি তাৰ পৰম সুন্দৰ।
যত্ন কৰি বান্ধি আছে আগ চোতালৰ॥ ৩২৫২
লিখি আছে শিল্পীসব তাৰ চিত্ৰ কৰে।
তাতে আউজিয়া যাই ৰহিলা শঙ্কৰে।
সাজি আছে মাত্ৰ সিটো নৱ গৃহ খানি।
থিয় হুইয়া ৰহি শৰে হেন জানি॥ ৩২৫৩
মুধাৰ শিৰত তাৰ আউজিয়া যাই।
চিউতলা খুটি দয়া মালাক জপায়৷৷
চতুৰ্ভিতি ভকতসকলে বেঢ়ি আছে।
শুনিয়োক যেন কথা ভৈলা তাত পাচে।৷ ৩২৫৪
সেহি ঘৰে আছে যিটো বিতোপন নাৰী।
ৰূপে গুণে ধৈৰ্য সিটো মহা সুকুমাৰী।
গাৱে মুখ ঢাকি সবে বস্ত্ৰ আৰ দিয়া।
শঙ্কৰক দেখি তাই আছে নৰেখিয়া॥ ৩২৫৫