পৃষ্ঠা:গুৰুচৰিত.djvu/৭১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯৭
পঞ্চম খণ্ড

বৈঠা বিনে শুধা নাৱে কৰিয়া জলে।
নপা্ৰোহো বাইবে মই মাধৱ নগৈলে॥৩২৩৯
নৌকাৰ সহায় যেন দেখা বৈঠা খানি।
মাধৱ তেহ্নয় মোৰ কৈলো নিষ্ট বাণী॥
দিলোহো বিদায় তুমি যায়ো বৃন্দাবন।
নকৰিবা মনে দুখ হুয়োক প্ৰসন্ন॥৩২৪০
শুনা ৰামৰায় মোৰ বচন কৰিবা।
সাৱধানে যাইবা পথে চৰ্ণত নৰৈবা॥
দেখিলা সাক্ষাতে তৈতে ডকাইতে লুটিলে।
গাৱকো মাৰিবে চাইলা বস্তু সবো নিলে॥৩২৪১
হাক দিলো তভো মোৰ লগত নৰৈলা।
দুখ পাই তুমি তেবে মোক সুমৰিলা॥
এহিবুলি গুৰু যেবে শিক্ষাবোধ দিলা।
নমস্কাৰ কৰি ৰামৰায় চলি গৈলা॥৩২৪২
শুনা সভাসদ পদ কথা অনন্তৰে।
জগন্নাথ প্ৰণামিয়া আসিলা শঙ্কৰে॥
কৃষ্ণৰ কীৰ্ত্তন কৰি ভকতৰ সঙ্গে।
তীৰ্থক্ষেত্ৰ কৰিয়া ফুৰন্ত মন ৰঙ্গে॥৩২৪৩
চৈতন্য গোসাই গ্ৰামে স্নান কৰিল্ন্ত।
সেহি পথে আসিয়া তাহাঙ্ক দেখিলন্ত॥
দুইতো দুই মুহূৰ্ত্তেক চাহি আছিলন্ত।
সম্ভাষণ নকৰি্য়া চলিয়া গৈলন্ত॥৩২৪৪