পৃষ্ঠা:গুৰুচৰিত.djvu/৭০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮৬
গুৰু-চৰিত

এক গুটি জীৱ যদি নৰকক যাই।
জানিবাহা তাক ব্ৰহ্মাণ্ডৰ বধে পাই॥
আপোনাৰ দোষে যদি নৰকক যায়।
তেবেসে জানিবা তাৰ দোষে নপাৱয়॥৩১৭৯
উপদেশ লৈয়া ৰাজা সবে প্ৰৱৰ্ত্তয়।
তাহাৰেসে লেখা শাস্ত্ৰ কহিয়া আছয়॥
সাধু সঙ্গে থাকি জ্ঞান তত্ত্বা নোসোধয়।
জানিবাহা তাক ভুছি সাৰ বুলি কয়॥৩১৮০
চন্দনৰ কাষে থাকে বেত বাস যত।
থাকয় তথাত আনো বৃক্ষ নানা মত॥
জাতি চন্দনৰ বৰ প্ৰাণ আতিশয়।
চৰাতেক আদি বৃক্ষ সবাকে বিদ্ধয়॥ ৩১৮১
বাস নল খাগৰিক নপাৰে বিন্ধিবাক।
এতেকেসে সাধুসবে ভুছি বোলে তাক।
গুৰুশিক্ষা যিটোজনে শুকভাৱে ধৰে।
অপ্ৰয়াসে গুৰু শিষ্যে সংসাৰ নিস্তৰে॥৩১৮২
পৰম ব্ৰহ্মত যদি শৱদ ব্ৰহ্মত।
নিপুণতা ভাৱ তাত হুয়া শুদ্ধ সত্ত্ব॥
ৰাম কৃষ্ণ নাম মুখে ক্ষেণকো নেৰন্ত।
ভাগৱ্ত শাস্ত্ৰে তাক বোলয় মহ্ন্ত॥ ৩১৮৩
পূৰ্ব্বত একত্যৰ কাটিয়া আছে নাক।
শুনিয়োক কিছুমান কহো আমি তাক॥