পৃষ্ঠা:গুৰুচৰিত.djvu/৬৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭১
গুৰু-চৰিত

এতেকতে বাপ তুমি কিয় ভ্ৰান্ত হোৱা।
সংসাৰ উদ্ধাৰ নৌকা হৰিনাম লোৱা॥ ৩১৩১
এহিমতে আনো বাদ কৰিয়া দুহান্তে।
এক মাত্ৰ থিৰ কৰিলন্ত ভগৱন্তে॥
কৃষ্ণৰ ভাৱত থিৰে দুয়োজন আছে।
উপস্থিত হল গুৰু দুহান্তৰ পিচে॥৩১৩২
সম্বোধনে মাতিলন্ত গুৰু দামোদৰ।
কিবা কহি আছা তুমি কহিয়ো সত্বৰ॥
ইজনক মই নিচিনোহো থাকে কৈত।
বিস্তাৰিয়া বাপু তুমি কোৱা আবে মোত॥৩১৩৩
দেখি দামোদৰে আতি আথ বেথ কৰি।
বসিৰে আসন দিয়া বুলিলা সাদৰি॥
সমস্ত বৃত্তান্ত কৈলা গুৰুৰ আগত।
দেখিলন্ত শঙ্কৰক মহাভাগৱত॥ ৩১৩৪
গুৰুৰ ৰূপৰ জ্যোতি নিৰেখি আছয়।
লক্ষণ দেখিয়া পাচে কৰিলা নিশ্চয়॥
সমস্ত পুৰুষ লক্ষণ গাৱতে আছে।
মিনতি বচনে বিৰে মাতিলন্ত পাচে॥৩১৩৫
বহু অপৰাধ মই নজানি কৰিলো।
নিন্দাবাদ কৰি মই অধোগামী ভৈলো॥
দেখিলো সাক্ষাতে আৰে মহাভাগৱত।
দিয়া উপদেশ মোক মজিলো গৰ্ব্বত॥ ৩১৩৬