পৃষ্ঠা:গুৰুচৰিত.djvu/৬৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭১
পঞ্চম খণ্ড

পৃথিব্যাদি ভূত সৃষ্টিকৰ্ত্তা মাত্ৰ হৰি।
ভূত দেৱক প্ৰভু শৰীৰে আহে ধৰি॥
এতেকতে সবাকে ঈশ্বৰক বুজায়।
হৰি মাত্ৰ সমস্ত মূল জানিবা নিশ্চয়॥৩১২৬
সূৰ্য্য শৱদৰো অৰ্থ ধাতুগত হলে।
কয় জ্যোতিৰ্ম্ময় বুলি পণ্ডিতসকলে॥
যাৰ জ্যোতি সমস্ত জীৱৰ অন্তৰে।
বিৰাজিছে সমভাৱে অন্ত কোনে কৰে॥ ৩১২৭
যাৰ জ্যোতিবলে সূৰ্য্য তিমিৰ নাশয়।
সেহি জন হৰি তুমি জানাহা নিশ্চয়॥
যত জীৱ তত শিৱ বুলি শাস্ত্ৰে কয়।
হৰি নাথাকিলে জীৱে শক্তিক নাপায়॥ ৩১২৮
সৃষ্টি স্থিতি লয় হয় হৰিৰ ইচ্ছায়।
সবাৰো কাৰণ প্ৰভু জানিবা নিশ্চয়॥
দুৰ্গাৰ ধাতুগত অৰ্থে কৰে দুখ দূৰ।
হৰিৰ শকতি সিটো জানিবা প্ৰচুৰ॥ ৩১২৯
প্ৰভু শকতিয়ে সুখ দুখ জীৱে পায়।
এতেকে কৃষ্ণেসে মূল জানিবা নিশ্চয়॥
এহি হেতু পুৰাকালে যত মুনি ঋষি।
দুৰ্গা কালী আদি কৰি শক্তি মহাযশী॥৩১৩০
নানা কষ্টব্ৰতে কৃষ্ণে চিতি অহৰ্নিশি।
সাধিছিল মুখ্য পদ আৰু যশৰাশি॥