পৃষ্ঠা:গুৰুচৰিত.djvu/৬৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬৭
পঞ্চম খণ্ড

নাৰায়ণে কহিলেক পূৰ্বব্বত কথা৷
গোটা পচিশেৰ শ্লোক আনি আছে এৰা॥
মাধৱে বোলন্ত কেন শ্লোক আছা আনি।
মোৰ হাতে দিয়া পঢ়ি চাওঁ মহাৰাণী॥ ৩০১৪
হেন শুনি চক্ৰপাণি বুলিলন্ত পাচে।
চলিয়োক এতিক্ষণে শঙ্কৰৰ কাছে॥
তথাপিতো মাধৱে বোলন্ত দিয়া চাওঁ।
তুমি আমি সখি সমে পাচে চলি যাওঁ॥৩০১৫
চক্ৰপাণি বোলে তুমি ঐত নুখুজিবা।
শঙ্কৰৰ হাতে দিবো তহিতে দেখিবা॥
পুনু পুনু তথাপিতো বোলন্ত মাধৱে।
চক্ৰপাণি এৰাইতে নোৱাৰো কোনোমতে॥ ৩০১৬
হেন দেখি নাৰায়ণে দিবে বুলিলন্ত।
কি কাৰণে আত আৰ কৰা মহাসন্ত॥
এহেন্তে দেখিলে জানো শঙ্কৰে দেখয়।
দুয়োজনে একে আত নকৰা সংশয়॥৩০১৭
হেন শুনি শ্লোক বিপ্ৰে মাধৱক দিলা।
গোটে গোটে শ্লোক মেলি মাধৱে পঢ়িলা॥
আগ গুৰি মাৰি তাৰ কথা কহিলন্ত।
তাহাত অধিক দশাধ্যায় পঢ়িলন্ত॥ ৩০১৮
হেন দেখি চক্ৰপাণি কৰযোৰ কৰি।
বোধ পালো বুলি পেলাইলা পত্ৰ চিৰি॥