পৃষ্ঠা:গুৰুচৰিত.djvu/৬৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬৫
পঞ্চম খণ্ড

নাৰায়ণে বোলে গুৰু কথাক জানিবা।
চক্ৰপাণি বোলে আন কথাক নাপাতিবা॥
সেহি কথা ব্ৰাহ্মণী আমাতে কহিলন্ত।
কথা শুনি আমিও তাহাক খঙ্গিলন্ত॥ ৩০৯৩
কহিলন্ত কথা আমি নসহিলো আৰ।
যজমান আছে আবে কি কৰিবো তাক॥
নাৰায়ণে বোলে শুনিয়োক মহাশয়।
কোটি যজমানে তাৰিবাক নপাৰয়॥ ৩০৯৪
জগতৰ আদি দেৱ ত্ৰৈলোক্য ঈশ্বৰ।
তাঙ্ক ভজিলেসে তৰি সংসাৰ সাগৰ॥
নিখিল জন্মৰ অন্তে নৰতনু পায়।
কৃষ্ণক নভজে আয়ু বৃথা বহি যায়॥ ৩০৯৫
সবাতো অধিক দ্বিজজন্ম অতিশয়।
দেখিয়ো বিচাৰি মহাভাগৱতে কয়॥
ধৰ্ম্ম অৰ্থ দেখা ইটো সমস্তে বিনাশী।
মধু যেন স্ৰৱে কথা কৱৈ হাসি হাসি॥৩০৯৬
হাস ছাগ কাটি দেৱ-দেৱী পূজা কৰে।
স্বৰ্গ সুখ ভুঞ্জি দুনাই নৰকত পৰে॥
পৰম দুৰ্ল্লভ দ্বিজজন্ম আহা পাই।
ধৰিয়ো ভকতি ক্ষণে ক্ষণে আয়ু যাই॥৩০৯৭
নৰতনু নৌকা ইটো সুদৃঢ় সুসাৰ।
উপদেশদাতা ময়ো সুজন কাণ্ডাৰ॥