পৃষ্ঠা:গুৰুচৰিত.djvu/৬৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬২
গুৰু-চৰিত

প্ৰাণীহিংসা নকৰিবা, শুনা মোৰ বাণী।
ৰাজনীতি ধৰ্ম্মে প্ৰৱৰ্ত্তিবা হেন জানি॥৩০৭৬
হেন জানি তুমি মোৰ বচন কৰিয়ো।
বন্দী চৰাই নৱজন মনুষ্য মেলিয়ো॥
বস্ত্ৰ মুখে দিয়া মাধৱ হাসিয়া বহিলা।
নৃপতিৰ মনে শুনি সন্তোষ মিলিলা॥৩০৭৭
নাৰায়ণ বাক্যসব মধু যেন স্ৰৱে।
গুৰৰ চৰণে মনে ধৰি কথা কৱে॥
হেনয় মধুৰ বাণী শুনিয়া নৃপতি।
বন্দিয়াৰ মনুষ্যক মেলিলা সম্প্ৰতি॥ ৩০৭৮
অনন্তৰে কৃষ্ণপাৱে শৰণ কৰিল।
গুৰুবাক্য লৈয়া মাধৱ উপদেশ দিল॥
একান্ত শৰণ লৈলা নিশ্চয় কৰিয়া।
নিঃসংশয় ভৈলা কৰ্ম্ম ধৰ্ম্মক ধৰিয়া॥ ৩০৭৯
অনন্তৰে কতো দিন থাকি দুয়ো জন।
গৃহক আসিলা পাচে কৰি ৰঙ্গ মন॥
শঙ্কৰৰ পাৱে পৰি নমস্কাৰ কৈলা।
পৰম আনন্দ মনে কৌতুকে থাকিলা॥৩০৮০
শঙ্কৰে বচনে দুইকো আশ্বাস কৰিলা।
গণককুছিত যাই মাধৱ ৰহিলা॥
দিন ভৈলে শঙ্কৰৰ থানক আছন্ত।
ৰাত্ৰি ভৈলে কৃষ্ণকথা তহিতে কৰন্ত॥৩০৮১