পৃষ্ঠা:গুৰুচৰিত.djvu/৬৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬১
পঞ্চম খণ্ড

হেন এৰি কৃপালু মাধৱ নাৰায়ণ।
ৰাজাৰ সমুখ হুয়া বুলিলা বচন॥
নাৰায়ণে বোলে মহাৰাজা শুনা তুমি।
তযু আগে একখানি কথা কহো আমি॥ ৩০৭১
বন্দী কৰি আছা দেখো নৱজন লোক।
কিবা কাৰ্য্যে থৈয়া আছা মোত কহিয়োক॥
হেন শুনি ৰাজা বোলে শুনা মহাজন।
কহিবো তোমাৰ আগে ইহাৰ কাৰণ॥ ৩০৭২
আমাক মাৰিবে ইটো খুজিলেক দেখা।
কদাচিতো আমি আক নকৰিবো ৰক্ষা॥
কৰি আছে দেখা ইটো হেন বিসঙ্গতি।
এতেকে নিশ্চয়ে আক বধিবো সম্প্ৰতি॥৩০৭৩
নাৰায়ণে বোলে ৰাজা শুনিয়ো বচন।
হৰি ভকতৰ নুহি ইমত লক্ষণ॥
দেখিয়োক তুমি ইটো হৰিভক্তি ৰত্ন।
কৃষ্ণত শৰণ লৈবে কৰি আহা যত্ন॥৩০৭৪
শম দম দয়া ক্ষমা আদি গুণ যত।
সমস্ত থাকিবে লাগে হৰি ভকতত॥
নিস্তে নিস্তে কহো আমি শুনা নৰেশ্বৰ।
ইমত স্বভাৱ নুহি হৰি ভকতৰ॥ ৩০৭৫
পিম্পৰা গটিকো যিটো নমাৰি মেলয়।
তাকো সৰ্ব্বভাৱে হৰি ৰাখিয়া ফুৰয়॥