পৃষ্ঠা:গুৰুচৰিত.djvu/৬৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫৫
পঞ্চম খণ্ড

শুনিয়োক কথা আৰে আত অনন্তৰে।
ভকতৰ সঙ্গে ৰঙ্গে আছন্ত শঙ্কৰে॥
হেৰম দেশয় ৰাজা আতি শুদ্ধমতি।
যেনমতে ভক্ত ভৈলা শুনিয়ো সম্প্ৰতি॥ ৩০৪৯
শঙ্কৰৰ যশ কীৰ্ত্তি ৰাজ্যে ৰাজ্যে গৈলা।
কছাৰী নৃপতি সিটো কথাক শুনিলা॥
বোলে শঙ্কৰক আন আমাৰ ৰাজ্যক।
নিশ্চয়ে বুলিলো মই ভজিবো কৃষ্ণক॥ ৩০৫০
এহি বুলি চাৰিজন দূত পঠাইলন্ত।
বৰপেটা গ্ৰামে আসি প্ৰৱেশ ভৈলন্ত॥
জানু পাৰি প্ৰণামিলা শঙ্কৰক দেখি।
শঙ্কৰক দেখি চাই নিৰেখি নিৰেখি॥ ৩০৫১
বসিলা আসনে তাত পুছিলন্ত কথা।
শঙ্কৰে বোলন্ত কিয় আসি আছা এখা॥
হেন শুনি দূতে পাচে কহিবাক লৈলা।
হেৰম দেশৰ ৰাজা আমাক পঠাইলা॥ ৩০৫২
তোমাৰ চৰিত্ৰ কথা মহিমাক শুনি।
নিবাক আইলা দেখি নৃপতি আপুনি॥
শীঘ্ৰ কৰি যাইবে লাগে ৰাজআজ্ঞা পালি।
নিশাগত বঞ্চিয়া চলিয়ো বাপ কালি॥ ৩০৫৩
কৃষ্ণক ভজিবে লাগি ৰতন কৰিছা।
দেশিবাক তোমাক ৰাজাৰ বৰ ইচ্ছা॥

৪২