পৃষ্ঠা:গুৰুচৰিত.djvu/৬৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫৬
গুৰু চৰিত

কিৰিষি বিষয় খানি এহেন্তে কৰন্ত।
আসকতি নাহি তাত পৰম মহন্ত॥৩০৪৩
আছিলন্ত তেন্তে পত্নী যমঘৰে গৈলা।
ভাৰ্য্যাক লাগিয়া কিছু খেদ নকৰিলা॥
দিলা আনি পাচে মোক বিত একসিকি।
মই বোলো নালাগয় কড়ি কৰা বিকি॥৩০৪৪
তবে কড়ি লৈলা ধান্য কিনিবে পাঞ্চিলো।
কৃষ্ণকথা কহিবাৰ উপায় কহিলো॥
আত্মা পৰ ভেদ নাহি সবাতে সমান।
আৰু সম নাহি মহাবুদ্ধিমন্ত আন॥ ৩০৪৫
মনুষ্য জন্মৰ দেখা আয়ু যায় বৃথা।
মহন্তৰ মুখে আৰ শুনা কৃষ্ণকথা॥
সুখ দুখ পুৰুষৰ কৰ্ম্মবশে মিলে।
দেখিয়োক আয়ু সূৰ্য্যে হৰয় বিফলে॥ ৩০৪৬
একক্ষণ মানে যিটো ভকতি কৰয়।
সিদিনাৰ আয়ু জানা সাফল হোৱয়॥
মুখে নাম হৃদি কপ ক্ষেণেকো নেৰয়।
তাক সৰ্ব্বভাৱে হৰি ৰাখিয়া ফুৰয়॥ ৩০৪৭
আন সঙ্গে হুইব ভক্ত অনেক ব্ৰাহ্মণ।
ৰাগ-দ্বেষশূন্য এন্তে মহন্ত প্ৰধান॥
শঙ্কৰে হৰিৰে নাৰায়ণ আগে কৈলা।
কৃষ্ণৰ চৰিত্ৰ কহি আনন্দে থাকিলা॥৩০৪৮