পৃষ্ঠা:গুৰুচৰিত.djvu/৬৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫৩
পঞ্চম খণ্ড

কৃষ্ণৰ শৰণ লৈয়া পৰম হৰিষে।
শঙ্কৰৰ বাক্য যেন অমৃত বৰিষে॥
পৰম আনন্দে তেহে ৰহিলন্ত তথা।
ভকতৰ সঙ্গে ৰঙ্গে শুনি কৃষ্ণ কথা॥৩০২৭
আনিলন্ত নাৰায়ণে ভক্ত অনুপাম।
বিয়াসৰ পালি তেন্তে হয়ো বলোৰাম॥
শঙ্কৰৰ পাৱে তাঙ্ক শৰণ কৰাইলা।
কৃষ্ণকথা শুনি তেহো আনন্দে থাকিলা॥৩০২৮
খিৰা মণ্ডলৰ পুত্ৰ আছে তিনি ভাই।
আনিলন্ত নাৰায়ণে তাসম্বাকো পাই॥
মাধৱ গোপাল মুকুন্দ তিনিজন।
শঙ্কৰৰ পাৱে আনি কৰাইলা শৰণ॥৩০২৯
জটিৰাম নাম আৰো জনেকো নিলন্ত।
জটা কাটি শঙ্কৰে শৰণ কৰাইলন্ত॥
অনন্তৰে বোলে জটা কাটি কৈত থৈবো।
জুলিতে ভৰাই থওঁ লৌহিত্যে ফেলাইবো॥৩০৩০
এহি বুলি জুলিতে ভৰায়া থৈলা তুলি।
মাটিত আছিল পৰি যিবা গোটজুলি॥
এহিমতে মাস দুই আছা অনন্তৰে।
একদিনা তাৰ ঘৰ সোমাইলা শঙ্কৰে॥৩০৩১
জুলিখানি দেখি তাক হাতে তুলি লৈলা।
তিনি গুটি জটা তাৰ ভিতৰে দেখিলা॥