পৃষ্ঠা:গুৰুচৰিত.djvu/৬৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৩
পঞ্চম খণ্ড

বংশছেদ শাপে তাক ধৰিলেক চাপি।
দিন চাৰি জীলে হন্তে মৰিলেক পাপী॥২৯৪৬
শঙ্কৰৰ আগে যাই হেন কথা কৈলা।
হেন অথন্তৰ শুনি বিবাহিত ভৈলা॥
মাধৱক বদলে আমি অকৰ্ম্ম কৰিলো।
বংশছেদ ভৈলা দেখা হাসিতে নাশিলো॥ ২৯৪৭
মাধৱে বোলন্ত বাপ ভৈল বিসঙ্গতি।
ৰাখিবেক কোনে হেন কৃষ্ণৰ ভকতি॥
শঙ্কৰে বোলন্ত শাপ দিলন্ত যদ্যপি।
মোৰ পুত্ৰ নাতি পাচে হৈবেক তথাপি॥২৯৪৮
তাসম্বাত হন্তে যেবে জীৱ হোৱে জাত।
হৈবেক তনয় ধৰ্ম্ম বহিবেক তাত॥
হেন শুনি হৰি কৰিলা ভক্তগণে।
পৰি প্ৰণামিলা সবে গুৰুৰ চৰণে॥ ২৯৪৯
হৰিষ বিষাদ লভি এহিমতে ৰৈল।
তাহাৰ পাচত আৰো যেন কথা ভৈল॥
নাৰায়ণ ভক্তে গুৰুবাক্য সুমৰাইবা।
জয়ন্তীৰ মাধৱক আনিলন্ত গৈয়া॥২৯৫০
শঙ্কৰৰ আগে আসি ভৈল উপসন।
পৰি প্ৰণামিলা দুয়ো গুৰুৰ চৰণ॥
দণ্ডৱতে পৰি তুতি নতি কৰিলন্ত।
গদ গদ বাক্যে মাতে প্ৰেমৰ ভৰত॥ ২৯৫১