পৃষ্ঠা:গুৰুচৰিত.djvu/৬৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৭
পঞ্চম খণ্ড

বিবাহ উৎসৱ শুনি শঙ্কৰৰ ঘৰে।
ৰঙ্গ চাহিবাক আইল লোক নিৰন্তৰে॥ ২৯১৩
ভকতে আনন্দ কৰে হৰিগুণ গাই।
তালে খোল ৰঙ্গে সবে নটুৱা নাচয়॥
লোকৰ কৌতুক বৰ উৎসৱ মিলিল।
কৰে তলবল সভা লোকৰ হিন্দোল॥ ২৯১৪
ঘনে ঘনে ভক্তসবে হৰিধ্বনি কৰে।
প্ৰেমত আকুল হিয়া আনন্দে নধৰে॥
লোকৰ আনন্দ আবে এহিমানে থওঁ।
বিবাহ উৎসৱ শুনা কিছুমান কওঁ॥২৯১৫
নামৰ কীৰ্ত্তন কৰে ভক্ত নিৰন্তৰ।
মহামণ্ডপত বসি আছন্ত শঙ্কৰ॥
উৰুলি মঙ্গলে ঠাকুৰক নোৱাইলন্ত।
পাচে কালীআই সভামণ্ডপে গৈলন্ত॥২৯১৬
ৰাম ৰাম গুৰু বসি আছা সেহি ঠাই।
মাধ আসি ভকতে বেঢ়িয়া আছে চাই॥
পাঞ্চবিধ প্ৰকাৰে মণ্ডল গোট দিল।
ৰামৰাম গুৰু তাক আপুনি নিৰ্ম্মিল॥ ২৯১৭
আম ডালি দিয়া ঘট চতুষ্পাশে থৈলা।
ধূপ দীপ লগাই তৈতে কৃষ্ণক পূজিলা॥
ঠাকুৰৰ লগে আনি কন্যাক থৈলন্ত।
বলোৰাম ঢোল বাই উৰুলি কৰন্ত॥২৯১৮