পৃষ্ঠা:গুৰুচৰিত.djvu/৬১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৯৬
গুৰু-চৰিত

ইঠাইত তুমি বহি কেদিন থাকিবা।
নিষ্ঠ কৰি কথা সবে আমাত কহিবা ॥২৭৭৬
হেন শুনি পাচে বুলিলন্ত নাৰায়ণে।
থাকিবোহো আমি ঐত দিন চাৰি মানে॥
তোমাৰ মাতৃৰ কাম কৈসানি কৰিবা।
সিসব কথাক মোত নিশ্চয়ে কহিবা ॥২৭৭৭
হৰিৰ কীৰ্তন ৰঙ্গে আনন্দে চাহিবো।
কোটি পুৰুষৰ মোৰ ভাগ্যক লভিবো॥
হেন শুনি মাধৱে কহিলা দিনবাৰ।
হাতযোৰে নাৰায়ণে কৈলা নমস্কাৰ॥২৭৭৮
থাকিয়োক বুলি মাধৱ গৈল ৰঙ্গমনে।
দেখি তাঙ্ক সাৱটি ধৰিলা নাৰায়ণে॥
প্ৰিয়বাক্যে আশ্বাস কৰিলা দুইকো দুই।
আছিলেক খানিতেক কৃতাঞ্জলি হুই ॥২৭৭৯
শঙ্কৰৰ পাশে চলি গৈলন্ত মাধৱ।
মনত হৰিষে বৰ কৰিলা উৎসৱ॥
গুৰুৰ চৰণে যাই নমস্কাৰ কৈলা।
মনত হৰিষ কৰি আসনে ৰসিলা ॥২৭৮০
শঙ্কৰে সুধিলা তেবে মাধৱক চাই।
আজি দেখো বৰ তযু হৰিষক পাই॥
নাৰায়ণ সঙ্গে লগে কি কথা কহিলা।
কিবা কামে নাসা বেলি তিনি পৰ ভৈলা ॥২৭৮১