পৃষ্ঠা:গুৰুচৰিত.djvu/৬১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৯৪
গুৰু-চৰিত

মহাপুৰুষক লাগ পাইলো আসি ৰঙ্গে।
নৌকা বাই চাৰিজন ভক্ত মোৰ সঙ্গে॥২৭৬৫
ছদ্মৰূপে শঙ্কৰে দিলন্ত গৈয়া হাক।
মাধৱৰ আগে ৰঙ্গে কহিলন্ত তাক॥
মাধৱে বোলন্ত তুমি কিনো ভাগ্যৱন্ত।
ধন্য ধন্য ভক্ত তোৰা পৰম মহন্ত ॥২৭৬৬
তৰিবা নিশ্চয়ে জানো সংসাৰৰ মায়া।
মিলিল সাক্ষাতে গুৰু ঈশ্বৰৰ দায়া॥
যাক মোৰ বুলি মহাপুৰুষে লৈলন্ত।
তাৰ অকল্যাণ আৰ কহিতো আছন্ত॥২৭৬৭
মহাপুৰুষৰ কৃপা যাক লাগি ভৈল।
সংসাৰৰ পাইবে পাৰি তাৰ কিবা ৰৈল॥
ভকতি পাইবে সিটো মেলান দুৱাৰ।
জানিবা বৈকুণ্ঠে বাস হৈবেক তাহাৰ॥২৭৬৮
কিনো ধন্য ধন্য ভাগ্যৱন্ত নাৰায়ণ।
গুৰুৰ প্ৰসাদে ময়ো কৈলো সম্ভাষণ॥
পূৰ্ব জনমৰ মোৰ আছন্ত পুণ্যৰাশি।
মহাপুৰুষক লাগ পাইলো তাতে আসি॥২৭৬৯
তুমি হেন বৈষ্ণৱক কত ভাগ্যে পাইলো।
মহাপুৰুষৰ শিষ্য দুয়োজনে ভৈলো॥
শঙ্কদেৱৰ যত ভকত আছয়।
দুহান্তৰ সম্বাদক আনন্দে শুনয়॥২৭৭০