পৃষ্ঠা:গুৰুচৰিত.djvu/৬০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯০
গুৰু-চৰিত

হেনয় স্বভাৱ আলিঙ্গন ভকতৰ ।
ধৰা যেন চিহ্ন নাৰায়ণ মাধৱৰ ॥২৭৪৩
আত্মাই আত্মাক যায় ভৈল পৰিচয়।
মনত হৰিষে দুয়ো আনন্দ কাৰয়॥
মহাপ্ৰেম সাগৰত নিমজিল মন।
হেন ভাৱে আলিঙ্গন কৈলা কতোক্ষণ ॥২৭৪৪
চক্ষু ভৰি দুহান্তৰ নীৰ বহি যাই।
প্ৰেমত আকুল মনে দুইকো দুই চাই॥
বোলে সুপ্ৰসন্ন ভৈল আমাসাৰ বিধি।
কতৰা কালৰ মনোৰথ কৈল সিদ্ধি॥২৭৪৫
পৰম হৰিষ আনন্দৰ পাৰ নাই।
অৱনত ভাবে দুইকো দুই আছে চাই॥
নাৰায়ণে নমস্কাৰ কৰিবাক গৈলা।
হাতত ধৰিয়া হাতে মাধৱে নিদিলা॥২৭৪৬
মাধৱে বোলন্ত কেনে কৰাহা অন্যায়।
আমি যেন তুমি তেহ্ন আক নুষুৱায়॥
পাচে নমিলন্ত যাই হাতযোৰ কৰি।
বসিলা আসনে পাছে কৃতাঞ্জলি ধৰি ॥২৭৪৭
দুইকো দুইৰো প্ৰীতি আৰো কৰন্ত উৎসৱ।
বোলন্ত আবেসে পাইলো সুহৃদ বান্ধৱ॥
নাৰায়ণে বুলিলন্ত মাধৱৰ আগে।
তোমাক পাইলোহে লাগ কত পুণ্যভাগে ॥২৭৪৮