পৃষ্ঠা:গুৰুচৰিত.djvu/৫৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯১
গুৰু-চৰিত

একান্ত বৈষ্ণবে মোৰ কৰে হীন দোষ।
ঈশ্বৰ কৃষ্ণৰ দেখি মনে অসন্তোষ॥২৬৮৮
যিটো অন্তৰ্য্যামী পৰমাত্মা জগতৰ।
ছদ্মৰূপ ধৰি গৈলা তেহন্তে শঙ্কৰ॥
ঐকান্তিক দাসে মোৰ ভক্ত আতিশয়।
দেখে মোৰ মত এৰি আন মত লয়॥২৬৮৯
গৃহাশ্ৰম ধৰ্ম্মত মলিন ভৈল বুদ্ধি।
উপদেশ দিলা কৈলা মনগৈয়া শুদ্ধি॥
ভকতৰ হিত প্ৰভু চিন্তা ৰাতি দিনি।
ভৃত্য কৰি লৈলা তাতে নামধনে কিনি॥২৬৯০
ভকতৰ দুখ একটিলো নসহন্ত।
ভয় ভ্ৰান্তি দুখে সুখে সখাতে ৰাখন্ত॥
দেৱীপূজা কৰ্ম্ম মাধৱ কৰিৰে চহিলা।
অন্তৰ্য্যামী ৰূপে গৈয়া তাহাঙ্কো ৰাখিলা॥২৬৯১
দেখে মোৰ প্ৰাণ মাধৱ দেবী পূজা কৰোঁ‌।
ৰামদাস আইলা তাতে শঙ্কৰৰ ঘৰে॥
পৰম ঈশ্বৰ কৃষ্ণ ভকতৰ নিধি।
ভকতৰ কথা প্ৰভু অসিদ্ধিকো সিদ্ধি॥২৬৯২
ৰামদাসৰ হৃদয়ত প্ৰবেশ ভৈলন্ত।
মাধৱৰ কথা শঙ্কৰত কহিলন্ত॥
যদিবা মলিন মন ভক্তৰ হোৱন্ত।
হৃদয়ত প্ৰবেশিয়া তাহাক হৰন্ত॥২৬৯৩