পৃষ্ঠা:গুৰুচৰিত.djvu/৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩
প্ৰথম খণ্ড

আত অনন্তৰে সবে শুনা এককথা।
ভোটৰ মাৰণা আসি মিলিলেক তথা॥১৯২
নগৰ মাৰিলা যেবে কামতেশ্বৰৰ।
পৰম দৰ্পিষ্ঠ ভোটগণ নিৰন্তৰ॥
কামেশ্বৰ দেখি দিলা তাক ঘোৰ যুদ্ধ।
ভোটেয়ো মাৰিবে লৈলা কৰি মহাক্ৰোধ॥১৯৩
যুদ্ধ হাৰি পলাইলেক পাচে কামেশ্বৰ।
পুৰিলেক যাই তেবে সমস্ত নগৰ॥
লেঙ্গামাগুৰীক পাচে ভোটে পাইলা যাই।
চণ্ডীবৰ আছা তথা ধানক কটাই॥১৯৪
লুড়ি লুড়ি বন বিত্ত যাই সবে লৈয়া।
সবলোক গ্ৰাম পলাইল ফাট দিয়া॥
নৱ জন লোক সমে আছা ধান দাই।
বিত বিত কৰি ভোটে পাইলা সেহি ঠাই॥১৯৫
পলাইল সমস্ত লোকসব লৱৰিয়া।
চণ্ডীবৰো পলাইলেক মহাত্ৰাস হুয়া॥
ৰাজধৰে বান্ধি তথা আছয় ডাঙ্গৰি।
চাৰি জন লোক সমে নিলা তাঙ্ক ধৰি ॥১৯৬
বান্ধিলন্ত হাত ভৰি পিঠি পষা বান্ধে।
দেৱীদাসে ডাক চাৰি আৰ্ত্তৰাৱে কান্দে
হৰি হৰি ৰাজধৰ কৈত হেৰুৱাইলো।
কোন দৈৱে বঞ্চিলে কিকাৰ কৰিলো ॥১৯৭