পৃষ্ঠা:গুৰুচৰিত.djvu/৫৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৭
 
চতুৰ্থ খণ্ড

আমাৰ লগত ঐক আসিয়া আছয়।
মহা প্ৰেমধাৰী কৃষ্ণভক্ত আতিশয় ॥২৫৯৪
নাহিকে ভকত আন ৰামৰাম সম।
কৃষ্ণৰ একান্ত দাস ভক্ত প্ৰিয়তম ।
শঙ্কৰে বোলত নাৰায়ণ শুনা তুমি।
যিকাৰণে ইটো ৰাজ্যে আসি আছো আমি ॥২৫৯৫
আলিপুখুৰীৰ হন্তে বৰদোৱা গৈলো ।
দ্বাদশ বৎসৰ তীৰ্থ কৰিয়া ফুৰিেলো ॥
অনন্তৰে আমি আসি ভৈলো গৃহাগত ।
দেখি আনন্দিত ভৈল বন্ধুগণ যত ॥ ২৫৯৬
ৰাজ্য মাৰিবাক পাচে আসিলা কছাৰি ।
ৰৰ ভৈলা ভয় শুনি যত নৰনাৰী ॥
অসম দেশক পাচে গৈলো মনদুখে ৷
বাঢ়ভূয়া সমে গৈয়া গৈলো গাঙ্গমুখে ॥ ২৫৯৭
কোছৰো মৰাণ পাচে ভৈলা সেহি ঠাই।
তৈৰপৰা ভাগি ৰৈলো উত্তৰত যাই ॥
বঢ়ভূঞা সমে গৈয়া ৰাজাক ভেটিলো ৷
মন্ত্ৰণা কৰিয়া পাচে কোছকো ভঙ্গাইলো ২৫৯৮
মাটি ভিঠা চাই পাচে ধুঞাইাটা গৈলো ৷
মহামন ৰঙ্গে তৈতে বৰক সজাইলো ॥
পণ্ডিত ব্ৰাহ্মণ তথা অনেক আছয় ।
হৰি ভকতিক তাৰাসবো নসহয় ॥২৫৯৯