পৃষ্ঠা:গুৰুচৰিত.djvu/৫৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৬
 

গুৰু–চৰিত

একজন আছিলা গন্ধৰ্ব্বগিৰি নাম।
তান জীউ কৃষ্ণকান্তী মহা আনুপাম ॥
তান গৰ্ভে ভৈলা লণ্ডাদেৱৰ উৎপত্তি ।
তাহান তনয় চণ্ডীবৰ মহামতি ॥২৫৮৯
তাহান সন্ততি পাচে ভৈলা ৰাজধৰ ।
চাৰিজন তনয় ভৈলন্ত জয়ন্তৰ ।
তান বীৰ্য্যে তনয় জগদানন্দ ভৈলা ।
অসমৰ ৰাজা ৰামৰায় নাম দিলা ॥ ২৫৯০
মোৰ লগে তেহে ইটো ৰাজ্যে আসি আছে ।
সূৰ্য্যবৰ ভনয় কুসুম ভৈলা পাচে ॥
মহা মান্যৱন্ত তেন্তে ধনে-ধান্যে সাৰ ।
ঢাকিল ধৰণীসব বশে আতি যাৰ ॥ ২৫৯১
শিৰোমণি ভূঞা ভৈল সমস্ত ভূঞাৰ ।
তেহেন্তে জানিবা পিতা হোৱন্ত আমাৰ ॥
পুনু নাৰায়ণে বোলে কৰি যোৰহাত ।
কৃষ্ণ পণ্ডিতৰ বংশ কৰিয়ো সাক্ষাত ॥ ২৫৯২
হেন শুনি প্ৰত্যুত্তৰ দিলন্ত শঙ্কৰ ।
কাল পণ্ডিতৰ পুত্ৰ ভৈলা যোগেশ্বৰ ॥
তানি পুত্ৰ ভৈলা মৃত্যুঞ্জয় অনুপাম ।
ভৈলেক তনয় তান চতুৰ্ভূজ নাম ॥ ২৫৯৩
তাহান তনয় নৰোত্তম ৰাৰ নাম ।
ভৈলন্ত অপত্য তান খ্যাত ৰামৰাম ॥