পৃষ্ঠা:গুৰুচৰিত.djvu/৫৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৫
 
চতুৰ্থ খণ্ড

মাৰিলে আমাৰ পিতৃ ভ্ৰাতৃ নিৰন্তৰ ।
হাড় নাবুড়ানি মাৰিলোহো চণ্ডীবৰ ॥২৫৮৩
হেনয় আলচ কৰি সবে ভোটগণ ।
চণ্ডীবৰ মাৰিবাক কৰিলা যতন ॥
চাৰিজন ভোট লেঙ্গামাগুৰা আসিলা ।
গোপ্য কৰি সিটো কথা চণ্ডীবৰক কহিলা ॥ ২৫৮৪
হেন বাৰ্ত্তা পায়া চণ্ডীবৰ মহামতি ।
তাৰ মন পুৰি ধন দিলন্ত সম্প্ৰতি ॥
কৈক যাওঁ কৈত থাকো কৰে বসি খেদ ।
যেতিয়া আসিব তাৰো কহিলা সম্ভেদ ॥ ২৫৮৫
তেতিক্ষণে গৈলন্ত ৰাজাৰ পাশে চলি ।
হেন কথা ৰজাত কহিলা মহাবলী ॥
হেন শুনি নৃপতি দলন্ত সমিধান ।
বোলে তৈৰ গুচিয়ো দূৰত লৈয়ো থান ॥ ২৫৮৬
গৃহক আসিলা পুনু ৰাজআজ্ঞা পাই ।
নাৱে চৰিব ব্ৰহ্মপুত্ৰে গৈলন্ত উৰাই ।
বিচাৰি বিচাৰি থান টেষুৱানী পাইলা ।
সবন্ধু বান্ধৱে যাই তথাতে ৰহিলা ॥২৫৮৭
এহিমতে তৈতে যেবে কতদিন আছে ।
আলিপুখুৰীক লাগি গৈলা তাত পাচে ॥
কহিলো তোমত সবে বঞ্চিবাৰ থান।
বংশাৱলী কহো আৰো শুনা নাৰায়ণ ॥ ২৫৮৮