পৃষ্ঠা:গুৰুচৰিত.djvu/৫৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৪
 

গুৰু–চৰিত

গৰ্ভৱতী এক স্ত্ৰীক বাটতে কাটিল ।
তাক দেখি গাৱে আতি অগনি জ্বলিল ॥
সেহি দিনা ভোট যাই পথতে ৰহিল ।
শ্ৰম পাই পৰি সবে মৰা যেন হুইল ॥২৫৭৮
হেনমতে ভোটে নিদ্ৰা কৰি আছে ৰৈয়া ।
চণ্ডীবৰে সেহি থানে খেদি পাইলা গৈয়া ॥
উবা সময়তে তাক আগে পাচে বেঢ়ি।
মহাবেগে কাটিবে লাগিলা দিয়া গেৰি ॥২৫৭৯
বুন্দামাৰ কৰি সবে কাটিয়া পেলাইলা ।
তাহাৰ মাজত ৰাজধৰক দেথিলা॥
পুত্ৰসমে আপুনাৰ লোক লগ পাইল ।
আথ বেথ বৰি বান্ধ সবাৰো কাটিল ॥২৫৮০
সাৱটি ধৰিয়া পুত্ৰে বুকে লৈলা বান্ধি ।
স্নেহত আকুল হুয়া চুমে কান্দি কান্দি ॥
ভাল ভাল ঘোৰা তাৰ বাছি বাছি লৈলা ॥
ধন-মাল তাৰ সবে ৰক্ষা দিয়া থৈলা ॥২৫৮১
ধান-মাল তাৰ পাচে বলধে জোৰাই ।
পৰম আনন্দে লোক আনিলেক যাই ॥
আত অনন্তৰে তৈত কতদিন আছে ।
শুনা নাৰায়ণ যেন কথা ভৈল পাছে ॥২৫৮২
চণ্ডীবৰে মাৰিলেক যত ভোটগণ ।
তাৰ পুত্ৰ–নাতি পাছে কৈলা আলোচন ॥