পৃষ্ঠা:গুৰুচৰিত.djvu/৫৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪৬
 
গুৰু-চৰিত

কাৰ কিবা নাম আসি আছা তবু সঙ্গে।
কহিয়োক বাপ শুনো মহা মনৰঙ্গে॥
শঙ্কৰে বোলন্ত শুনা কৰিয়া উৎসৱ।
ৰামৰম গুৰু আৰো আছন্ত মাধৱ॥২৫৩৪
বুঢ়া দৈৱজ্ঞ আৰু হৰিদাস বাণিয়া।
জানিবা নিশ্চয় তাৰাসব শুদ্ধছিয়া॥
বহুত দূৰৰ পৰা দেখিয়া আমায়।
সভাত বসিয়া হৰিথাক শুনয়॥২৫৩৫
এক দুই সেৰ ৰূপ বয়কো কৰয়।
নাপাৰে কৰিতে তেহু চিত্তক নিশ্চয়॥
বিশ্বাস কৰিতে নাপাৰয় একো জন।
হেন শুনি পাচে মাতিলন্ত নাৰায়ণ॥২৫৩৬
প্ৰথমে যাহাৰ লেখা দিলা তুমি মোক।
ময়ো • একজন পাওঁ লেখিয়া লয়োক॥
এহি হৌক বুলি পাচে মাতিলা শঙ্কৰ।
জানা নাৰায়ণ তুমি মহা প্ৰিয়তৰ॥২৫৩৭
তাৰা সবে যেন মোৰ তুমিয়ো তেহুুয়।
শুনি নাৰায়ণে ভৈলা আনন্দ হৃদয়॥
পৰম হৰিষ তৈলা ৰোমাঞ্চিত গাৱ।
কৰিলা প্ৰণাম পৰি শৰঙ্কৰ পাৱ॥ ২৫৩৮
উঠি কৰযোৰ নাৰায়ণে নিবেদতি।
তোমাথেৰ পূৰ্ব্ব কথা কহিয়ো সম্প্ৰতি॥