পৃষ্ঠা:গুৰুচৰিত.djvu/৫৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪২
 
গুৰু-চৰিত

ভাস্কৰে বোলন্ত যে ভৱানন্দ শুনিয়োক।
তাহান মায়ায়ে আবে মোহিলেক মোক॥
শঙ্কৰক এৰিয়া আসিলোক সিকাৰণে।
শীঘ্ৰে চলিয়োক তুমি মোহোৰ বচনে॥২৫১৩
বৰ নগৰৰ হন্তে আনি পৰিকৰ।
নামাগ্ৰামে থৈয়া তুমি যায়োক সত্বৰ॥
নাৱে চৰি সি ৰাজ্যৰ ধুঞাহাটা যাইবা।
শঙ্কৰক দেখি তুমি সম্প্ৰত্যয় পাইবা॥২৫১৪
এহি বুলি ভাস্কৰ পশ্চিমে চলি গৈলা।
নাৰায়ণে নাৱে চৰি নগৰে চলিলা॥
শঙ্কৰৰ কথা শুনি মনত হৰিষ।
দেখিবাক মনে খেদ কৰে অহৰ্নিশ॥২৫১৫
পঞ্চৰাতি ভাঠি আছে গ্ৰাম হালধীয়া।
পৰিকৰ আনি থৈলা তথাতে নমায়া॥
যত দ্ৰব্য আছে মানে নাৱে ভৰা দিলা।
ছইঘৰ দিয়া তাৰ তলত বসিলা॥২৫১৬
মহাকালীৰাম ভৈল গোৰৰ কাণ্ডাৰী।
আগে পাচে বৈঠা বাই যাই জল ছাৰি॥

*ঠাকুৰ আতা পূৰ্ব্বে বৰনগৰত আছিল,শঙ্কৰদেৱক লগ ধৰাৰ

কিছুদিন আগতে নামা নগৰৰ হালধীয়া গ্ৰামত বাস কৰিছিল।

এই হালধীয়া গ্ৰাম বৰ্তমান ময়নবৰী সত্ৰৰ পশ্চিমে মানহ আৰু

চাউলখোৱাৰ মিলন স্থলত।