পৃষ্ঠা:গুৰুচৰিত.djvu/৫৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪১
 
চতুৰ্থ খণ্ড

নাৰায়ণ কহিলন্ত বিপ্ৰৰ আগত।
ভৱানন্দ নাম থাকো ডিঙ্গা নগৰত॥২৫০৭
কিনা-বিকা কৰি ফুৰো যেন সদাগৰ।
শুনিয়া মাতিয়া পাচে ব্ৰাহ্মণ ভাস্কৰ॥
কলিত নাহিকে বেদ ধৰ্ম্মৰ আচাৰ।
শূূূূদ্ৰৰ আছয় কোন মন্ত্ৰে অধিকাৰ॥২৫০৮
কৰিলেক কলি সৰ্ব্ব ধৰ্ম্মকে দূষিত।
ভৈল একাকাৰ সবে পাপতেসে চিত্ত॥
আছন্ত শঙ্কৰ কৃষ্ণ অংশে অৱতাৰ।
পদবন্ধে ভাগৱত কৰিলা প্ৰচাৰ॥২৫০৯
কৃষ্ণৰ ভকতি পন্থ কৰিছা বেকত।
নামৰ কীৰ্ত্তন কৰি তৰয় জগত॥
শুনি নাৰায়ণে পাচে বিপ্ৰ পূছিলা।
কিবা প্ৰয়োজনে তুমি ইঠাইক আসিলা॥২৫১০
শঙ্কৰ আছন্ত কৈত মোক কহিয়োক।
ভাঙ্কৰে বোলন্ত ভৱানন্দ শুনিয়োক॥
শঙ্কৰত বিদায় কৰিয়া আসিলওঁ।
থাকিয়োক তুমি আমি ক্ষেত্ৰে চলি যাওঁ॥২৫১১
জগন্নাথ দেখিবাক বৰ বাঞ্ছা মনে।
হেন শুনি পাচে মাতিলন্ত নাৰায়ণে॥
এতিক্ষণে ময়ো চলি যাওঁ তযু সঙ্গে।
জগন্নাথ দৰশনে হৈবো মন ৰঙ্গে ॥২৫১২