পৃষ্ঠা:গুৰুচৰিত.djvu/৫৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩৭
 
চতুৰ্থ খণ্ড

ইটো কোন দেশ বুলি শঙ্কৰে পুছয়।
তেছে কৰিলন্ত আৰু বাউসী বোলয়॥২৪৮৫
কিহেতু বোলয় বাউসী কহিয়ো কাৰণ।
কহিল আত সাধু আছে লোকজন॥
সত্য ব্যতিৰেকে মিছা নুবুলে বচন।
নাহি মিছা বেশ্যা চোৰ টেন্টন টামন॥২৪৮৬
এতেকে সেহিটো দেশ বাউসী বোলয়।
কহিলোহা শুনিলাহা দেশৰ অম্বয়।
শুনিয়া শঙ্কৰ ভৈলা আনন্দিত মন।
বোলন্ত থাকিবে ভাল এহিখানি থান॥২৪৮৭
শঙ্কৰদেৱেয়ো পুনু মাজিক বুলিলা।
মাধৱৰ মাৱখানি পৰলোক ভৈলা।
মাসেকীয়া শুদ্ধিখানি কৰিতে নপাৰে।
কৰ্ম্ম কৰিবাক থান দিয়া তুমি ঘৰে॥২৪৮৮
চৌকীয়া মাজীয়ে বোলে আমি ঠাই দিবো।
ইমত পুৰুষ আমি কত ভাগ্যে পাইবো॥
তাসম্বাৰ বাক্য শুনি বুলিলা শঙ্কৰে।
থাকিয়ো মাধৱ তুমি আসম্বাৰ ঘৰে॥২৪৮৯
এহি বুলি মাধৱক ঘাটে তুলি দিলা।
চৌকীয়া মাজীয়ো পাচে গৃহ লাগি নিলা॥
নবীন গৃহক সজাই তেতিক্ষণে দিলা॥
পৰম সন্তোৰে পাচে মাধৱ থাকিলা॥২৪৯০