পৃষ্ঠা:গুৰুচৰিত.djvu/৫৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩৬
 
গুৰু–চৰিত

কৰাকুচি কপাল নাহিকে ইটো ভাল।
ইটো দেশ ছাৰি ঐৰ যায়োক লকাল॥
শঙ্কৰেও সবাহিঙ্কে আদেশ কৰিল।
নৌকা ভাৰ দিয়া ভাঠিমুখক ধৰিলা॥২৪৮০
জনৈক নৰৈলা সিটো কাপলাৰ বড়ি।
শঙ্কদেৱৰ সঙ্গে চলে ৰঙ্গ কৰি॥
বুঢ়ীলুইতে গৈয়া এই গ্ৰাম দেখিলা।
ইটো কিবা গ্ৰাম বুলি লোকত পুছিলা॥২৪৮১
কৰিলন্ত ইটো গ্ৰাম সুন্দৰী বোলয়।
পুছিলন্ত শঙ্কৰেও গ্ৰামৰ অন্বয়॥
কহিলন্ত লোকসবে লোক পূৰ্ব্বাপৰ।
নৰকাসুৰে কন্যা নিলে ষোড়শ হাজাৰ॥২৪৮২
দশ পাঞ্চ গ্ৰামে এক সুন্দৰী নপাইলা।
এহি গ্ৰাম মধ্যে দুইজনী কন্যা পাইলা॥
এহি হেতু ইটো গ্ৰাম সুন্দৰী বোলয়।
বোলন্ত শঙ্কৰে থাকিবাৰ ভাল নয়॥২৪৮৩
সুন্দৰীসকলে বশ্য কৰে পুৰুষক।
নাষাবা বুলিয়া বাধিলন্ত মাধৱক॥
তৈৰপৰা তেতিক্ষণে নৌকাক মেলিলা।
নিমিযেকে গৈয়া চিৰলিয়া মুখ পাইলা॥২৪৮৪
ভাল বাট দেখি তাত চপাইলন্ত নাৱ
চৌকীয়া মাজীয়ে তাতে পথালন্ত পাৱ॥