পৃষ্ঠা:গুৰুচৰিত.djvu/৫৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩৫
 
চতুৰ্থ খণ্ড

খৰিলেক খাৰ জ্বৰে সকলোকে চানি।
বহুতৰ লোকসবে কৰিলেক হানি॥২৪৭৫
ভক্ত হানি পৰে খেদ কৰয় শঙ্কৰ।
শুনা আৰো তৈতে এক ভৈলা অথন্তৰ॥
মাধৱদেৱৰ মাতৃ পৰলোকে গৈলা।
ৰামদাস সমে দুয়ো কান্ধে তুলি লৈলা॥২৪৭৫
কপলা বিলৰ তীৰে চিতাক সাজিল।
চতুৰ্ভিতি ভক্তসবে নামক ধৰিলা॥
ৰামৰাম গুৰু চিতা উছৰ্গা কৰিলা।
শৱ শান্তি কৰি পাচে মুখাগ্নি কৰিলা॥২৪৭৬
অগৰু চন্দন ঘৃত লাগেমানে দিলা।
অগ্নি উঠিলা যেন গগনে উঠিলা॥
ভস্ম ভৈলা শৱ গাও নিমিষ পৰায়।
অস্থি বাছি লৈল পাচে দুয়োজনে চাই॥২৪৭৭
জ্ঞাতি বন্ধু সমে পাচে তিল নিকলিলা।
শুনিয়োক তাত পাচে যেন কথা ভৈলা॥
দশাৰ কামক দেৱ মাধৱে কৰিলা।
বতলোক আছে মানে সবাকে ভুঞ্জাইলা॥২৪৭৮
ভকতৰ হানি দেখি শঙ্কৰদেৱৰ।
অহৰ্নিশে খেদ চিন্তা নুগুচে মনৰ॥
পূৰ্ব্বে ভৃগুপুত্ৰে ক্ষত্ৰিয়ক মাৰি আছে।
সেহি ক্ষত্ৰিয়ক নামে একগোট হৈছে॥২৪৭৯