পৃষ্ঠা:গুৰুচৰিত.djvu/৫৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩২
 
গুৰু–চৰিত

শঙ্কৰদেৱৰ শয্যা পাৰিলন্ত যেবে।
প্রতিদিনে মাধৱে ভােজন কৰে তেবে॥
দিনেক মাধৱদেৱ আগে গৈয়া ৰৈলা।
শঙ্কৰদেৱক লাগি বাস সাজি থৈলা॥২৪৫৮
আসা পাতি ঠাই আৱতাই পুনৰ্ব্বাৰ।
বাসা সাজি ঠাই আৱতাই আপুনাৰ॥
তাতে আসি শঙ্কৰদেৱয়ে পাইলন্ত।
দেখিয়া মাধদেৱে ভাত ৰান্ধিৰে গৈলন্ত॥২৪৫৯
ভৈল ভাত থক্ বক্ কৰি উতলায়।
আসিলা শঙ্কৰদেৱ সেহিটো সময়॥
নাৰাখিয়া নাৱ নদী ভাঠিয়াই ৰাত।
দেখিয়া মাধৱদেৱে মাত লগাইলন্ত॥২৪৬০
বাসা সানি ঠাই অটাই আসা পাতি।
আছো ৰহিয়োক ঐত কৈত যান্ত ৰাতি॥
শৰুৰে বােলন্ত ঐত ঠাই ভাল নাই।
মাধৱে বােলন্ত আতা ভাল এহি ঠাই॥২৪৬১
ভাল নাহি বুলিয়া শঙ্কৰ নৰহিলা।
মাধৱক চাই হাসি নদী ভাঠি দিলা॥
শঙ্কৰ যাইবাৰ দেখি যােৱা ভাত এৰি।
তেতিক্ষণে গৈলন্ত মাধৱদেৱ লৰি॥২৪৬২
এক বছৰ ভাঠিয়াই শঙ্কৰে ৰহিলা।
তিলক্ষিণ পাচতে মাধৱ গৈয়া পাইলা॥