পৃষ্ঠা:গুৰুচৰিত.djvu/৫৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২৮
 
গুৰু-চৰিত

নৰনাৰায়ণ নামে আছে এক ৰজা ।
পৰম পণ্ডিত ধৰ্ম্ম পথে পালে প্ৰজা॥
শুক্লধ্বজ নামে তান ভাই শুভনয়।
ধুঞাহাটা হন্তে শুনে লোক সমস্তয়॥২৪৩৬
গীত কবিত্ব শুনিয়া ৰাজাৰ ৷
তান ৰাজ্যে যাইবে মন ভৈল শঙ্কৰৰ ॥
আত অনন্তৰে কথা শুনা সবে নৰ ৷
মহেশৰ বীৰ্য্যে ৰাজা ভৈল বিশ্বেশ্বৰ॥২৪৩৭
বিশ্বসিংহ নামে ৰাজা জগত প্ৰখ্যাত ৷
মহেশৰ অংশে ৰাজা ভৈল যিদিনাত ॥
আপুনি বসিল আসি প্ৰজা অসংখ্যাত ৷
কম্পয় ধৰণী যেন ৰাজ প্ৰতাপত॥২৪৩৮
বাউসীয়া ৰায়ক গন্ধৰ্বৰায় বোলে ৷
বিশসিংহে তাকো কৰিলেক বশ্য বলে॥
ঢকুৱাৰ বাৰু চাৰু খাণ্ডা চমৎকাৰ ।
আপুনি কৰয় যুদ্ধ কৰি পৰিহাৰ ॥২৪৩৯
চিৰমখা ককচন যুদ্ধে জিনিলেক ।
আনো ভূঞা সমস্তক বশ্য কৰিলেক ।
প্ৰতাপখা সভোষা বৰ ভয় ভৈল ।
দক্ষিণ কূলে নিৰ্জ্জনত পলাই গৈয়া ৰৈল॥২৪৪০
ষতলোক পাইলে লাগ নিলেক কোবাই ।
গৌড়েশ্বৰ পাশে দুইয়ো মিলিলেক যাই ॥