পৃষ্ঠা:গুৰুচৰিত.djvu/৫৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২৭
 
চতুৰ্থ খণ্ড

এহি কথা দুৱাৰায়ে ৰাজাত কহিলা ।
শ্ৰাদ্ধ কাক বোলে বুলি ৰাজায়ে পুহিলা ॥২৪৩০
দুৱাৰ বোলয় মৰাক বঢ়ায়ে যত যত ।
গুৱা-পাণ দুগ্ধ চাউল কল আৰো বস্ত্ৰ ॥
তাক নিয়া সবে পাচে ব্ৰাহ্মণে ভুঞ্জয় ।
শ্ৰাদ্ধ বুলি ব্ৰাহ্মণসকলে তাক কয় ॥২৪৩১
শুনিয়া অসম ৰাজা ভৈল কোপমন ॥
মৰাক বঢ়ায়া চাউল কৰয় ভোজন ।
কাউৰৰ কায়া সম চুইবে সুমুৱাই ।
শঙ্কৰে কৰিবে কাম ভালেতো নেদয় ॥২৪৩২
মৰাৰ চাউলক নপাইবা শঙ্কৰক ॥
বোলে কৰিলেক নষ্ট সমস্ত লোকক ॥
খেদাউ চাঙ্গৰ পৰা কোবাই এখনে ।
হেন শুনি নামিল আপুনি দ্বিজগণে ॥২৪৩৩
লাজ হুয়া সমস্তে গৃহক লাগি গৈলা ।
শঙ্কৰক অসম ৰাজায়ে প্ৰশংসিলা ॥
অনন্তৰে গৃহক লাগিয়া পঠাই দিলা ।
অন্যায় চিন্তিয়া দ্বিজে মানক বঢ়ালা ॥২৪৩৪
এহিমতে শঙ্কৰ চৰিত্ৰ অনন্ত ।
তাক কহি কোনজনে কৰিবেক অন্ত ॥
তথাপিতে কহো কিছো শুনা সাৱধানে ।
চৌদ্ধয় বছৰ আছে ধুঞাহাটা থানে ॥২৪৩৫