পৃষ্ঠা:গুৰুচৰিত.djvu/৪৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৯
চতুৰ্থ খণ্ড

জনোকা সদৃশ বাক্য শাস্ত্ৰ নিৰন্তৰ।
সকলো পুৰাণ যেন প্ৰকাশ চন্দ্ৰৰ॥ ২২২৫
কোটি সূৰ্য্য সম প্ৰকাশয় ভাগৱত।
কাব্য পূৰাণৰ কিছো নাছিকে মহৎ॥
ভাৰত পুৰাণ ব্যাস ঋষি কৰিলন্ত।
বাৰ যেন জাতি-ধৰ্ম্ম সবে বিহিলন্ত॥ ২২২৬
চাৰি বেদৰ কৰিলেক শাখা ভেদ।
তথাপিতো নুগুচে মনৰ মহা খেদ॥
পশু হিংসা ধৰ্ম্ম বিহিলন্ত জগতত।
সিকাৰণে সুস্থ নাহি ব্যাসৰ মনত॥ ২২২৭
বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহা ভাগৱত।
নাৰায়ণে কহিলন্ত ব্ৰহ্মাৰ আগত॥
ব্ৰহ্ম নাৰদত কৈলা নাৰদে ব্যাসত।
ব্যাসে কহিলন্ত পাঁচে মহা ভাগৱত॥২২২৮
গুৰুক পঢ়াইলা ব্যাসে ইটো শাস্ত্ৰ সাৰ।
শুকে পৰীক্ষিতৰ আগে কৰিলা প্ৰচাৰ॥
সাধু সঙ্গে কৃষ্ণ ভক্তি কেহো নলৱয়।
কাৰ্য্য কৰ্ম্ম কৰি ঘোৰ নৰকে পৰয়॥২২২৯
পদবন্ধে নিবন্ধিলো শাস্ত্ৰ ভাগৱত।
শ্ৰৱণ কীৰ্ত্তন কৰি তবোক জগত॥
মাধৱে পুছিলা পাচে কৰযোৰ কৰি।
বৃথা দুখ পাৱে কাৰ্য্য কৰ্ম্মক আচৰি॥ ২২৩০