পৃষ্ঠা:গুৰুচৰিত.djvu/৪৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৭
চতুৰ্থ খণ্ড

সঙ্কোচিত ভৈল কায় পদ দৰশনে।
কৰিলা প্ৰণাম পৰি শঙ্কৰ চৰণে॥২২১৪
ৰামদাসে প্ৰণামিলা পৰি চৰণত।
শঙ্কৰে বোলন্ত বলিয়োক আসন॥
হেন শুনি দুইয়ো ৰঙ্গে বসিলা আসনে।
কহিতে লাগিলা কথা কোমল বচনে॥ ২২১৫
শৰৎ কালত পুজা সমস্তে কৰয়।
পূৰ্ব্ব হন্তে ইটো বিধি নিয়ম আছয়॥
বেদ আজ্ঞা লঙ্ঘিলাত মহাপাপ হয়।
অৱশেষে মৰি ঘোৰ নৰকে পৰয়॥ ২২১৬
বেদৰ বিহিত কৰ্ম্ম লাগে কৰিবাক।
নকৰিলে শাস্ত্ৰে দুৰাচাৰ বোলে তাক॥
দুৰাচাৰ ভৈলে শৰীৰৰ নাহি শুদ্ধি।
দিনে দিনে পাপত মলিন হয় বুদ্ধি॥২২১৭
পিতৃমাতৃ তাৰ জল পিণ্ড নলৱয়।
পণ্ড যেন সিটো বৃথা জনম ধৰয়॥
মৰিলেয়ো ঘোৰ নৰকত পৰে যায়।
কোটি কোটি জন্মত তাহাৰ মুক্তি নাই॥২২১৮
এতেকতে আমি দেৱীপুজা কৰো জানি।
ঈশ্বৰৰ আজ্ঞা ইটো আছে বেজ্ঞানী॥
শঙ্কৰে বোলন্ত পাচে মাধৱক চাই।
শুনিয়োক কহো মই শাস্ত্ৰ অভিপ্ৰায়॥২২১৯