পৃষ্ঠা:গুৰুচৰিত.djvu/৪৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৬
গুৰু-চৰিত

শুনিয়া মাধৱে আতি ক্ৰোধে জ্বলি গৈলা।
দুৰাচাৰ পাপী বুলি খঙ্গিয়া বুলিলা॥
নামত হঙ্গকৰা তোৰ বুদ্ধি নোহে ভাল।
কড়ি দিলো তভো কিনি নানিলি ছাগল॥২২০৯
মূৰ্খত আগত যেন কথা কই তই।
ধৰ্ম্ম বুজাৱস কিছো নজানোহো মই॥
ৰামদাসে বোলন্ত নকৰা ক্ৰোধ মোক।
শঙ্কৰৰ পাশে যাও শীঘ্ৰে চলিয়োক॥২২১০
আপুনাক পণ্ডিত মানাহা বৰ গোট।
শঙ্কৰৰ আগত হৈবাহা লোটসোট॥
মাধৱে বোলন্ত বৰমতে ডৰুৱাস।
কালি প্ৰভাততে বাইবো শঙ্কৰৰ পাশ॥২২১১.
ৰাত্ৰি গোট বঞ্চিলন্ত ৰজনী পোহাইলা।
স্নান কৰি দুইহান্ত যাইবাক সাজ ভৈল॥
কিছু পাণ-তাম্বুলক মাধৱে লৈলন্ত।
কতোক্ষণে শঙ্কৰৰ সমীপ পাইলন্ত॥২২১২
মনত বোলন্ত নকৰিবো নমস্কাৰ।
প্ৰথমে কৰিব শাস্ত্ৰ তত্বক বিচাৰ॥
হেনমতে গুণি যাতে নিকট পাইলন্ত।
বসি আছা শঙ্কৰ মাধৱে দেখিলন্ত॥ ২২১৩
শৰীৰৰ কান্তি দেখি শিহৰিল গাৱ।
মনত বোলন্ত কিনো তেজৰ প্ৰভাৱ॥