পৃষ্ঠা:গুৰুচৰিত.djvu/৪৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৪
গুৰু-চৰিত


কতবা জন্মৰ ভাগ্য আছয় আমাৰ।
সিহেতু চৰণ আসি দেখিলো তোমাৰ॥
এহি বুলি ৰামদাস মৌনে ৰহিলন্ত।
হেন শুনি শ্ৰীশঙ্কৰে হাসি বুলিলন্ত॥২১৯৮
শুনা ৰামদাস কহো তোমাৰ আগত।
নতু শুনা তুমি শাস্ত্ৰ মহাভাগৱত॥
দেৱী পূজা কৰে যিটো কাটি হাস ছাগ।
অন্তকালে যিটো অস্ত্ৰ ধৰি লৱে লাগ॥২১৯৯
কাটি ছিণ্ডি লৱে প্ৰাণ ঘাৰক মোচাৰি।
যাতনা ভুঞ্জিবে লাগি জীৰে মৰি মৰি॥
যি কাৰ্য্যে কাটিলা বনি ফলে নপাৱয়।
কিঞ্চিতেক ছিদ্ৰে তাক বিনাশ কৰয়॥২২০০
চিৰকাল ভুঞ্জি মৰে বোৰ নৰকক।
যিটো জনে চাহে আপুনাৰ কুশলক॥
কৃষ্ণক ভজিয়া সুখে তৰোক সংসাৰ।
আত পৰে জীৱৰ কুশল নাহি আৰ॥২২০১
অনন্তৰে ৰামদাসে প্ৰণাম কৰিলা।
বিদায় কৰিয়া নিজ গৃহে চলি গৈলা॥
মনে ভয় ভৈলা কথা শুনি শঙ্কৰৰ।
ছাগল নিকিনি চলি গৈল নিজ ঘৰ॥ ২২০২
গুৱা-পাণ আনি ৰঙে মাধৱ আসিল।
ৰামদাস বছিনাইক মাধৱে মাতিল॥