পৃষ্ঠা:গুৰুচৰিত.djvu/৪৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫৯
তৃতীয় খণ্ড

শুনি আছো তুমি প্ৰ্ভু পতিত পাৱন।
মই পতিতৰ গতি কৰা নাৰায়ণ॥
তুমি বিনে পতিতপাৱন নাহি আন।
কৰোহা কাকূতি প্ৰভূ দিয়া এহি দান॥ ২১৪৮
শৰণ পশিলো প্ৰভু কৰা কৃপা মোক।
তবু ভকতৰ সঙ্গ সদায় থাকোক॥
বচনে নেৰোক দিনে ৰাতি তযু নাম।
তেবেসে নিস্তৰো সবে বোলা ৰাম ৰাম॥ ২১৪৯

——

ছবি

এহিমতে বিহা ভৈলা  ৰামভূঞা ঘৰে গৈল
 কালীন্দিক যেবে বিহা দিয়া।
তাৰে ভাৰ্য্যা মহাসতী  জয়ন্তৰো ৰঙ্গ আতি
 আনো বান্ধৱ সমস্তে ভূঞা॥
শিঙ্গৰীৰ লোক যত   শুনি সবে আসিলন্ত
 ভূঞাৰ গৃহক ঢাৰি বাটি।
তাম্বুল পাণক দিয়া  সবাহাঙ্কে তুষিলন্ত
 দিলা তেহে কৰি পৰিপাটি॥২১৫
সতকাৰ পায় যেবে   ঘৰাঘৰি গৈলা সবে
 ভূঞায়ো আনন্দে থাকিলন্ত।