পৃষ্ঠা:গুৰুচৰিত.djvu/৪৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫৬
গুৰু-চৰিত

দেখিয়া পাণ্ডাৰ খেদ মিলিল অপাৰ।
আগবঢ়াই খৈলা নিয়া কৰি সতকাৰ॥ ২১৩১
দ্বাদশ বৎসৰ তীৰ্থ কৰি ফুৰিলন্ত।
অনন্তৰে আসি নিজ মন্দিৰ পাইলন্ত॥
বনগঞা দেখে দাদা গৃহক আসিলা।
জগন্নাথ প্ৰসাদক গাৱে গাৱে দিলা॥ ২১৩২
জয়ন্ত মাধৱ হলায়ুধ আসিলন্ত।
তাসম্বাক দেখিয়া শঙ্কৰ উঠিলন্ত॥
পিতামহ আসিলন্ত আসন দিয়াইল।
নমস্কাৰ কৰিবাক ওচৰ চাপিল॥ ২১৩৩
নমস্কাৰ কৰিবাক কেহ নেদিলন্ত।
আশীৰ্ব্বাদ কৰিয়া সাৱটি ধৰিলন্ত॥
শঙ্কৰক আশ্বাসিয়া আসনে বসিলা।
ক্ষেত্ৰৰ মহিমা যত শঙ্কৰে কহিলা॥ ২১৩৪
জগন্নাথ প্ৰসাদক তিনিকো দিলন্ত।
প্ৰসাদ ভুঞ্জিয়া সবে সন্তুষ্ট ভৈলন্ত॥
তিনি পিতামহ শঙ্কৰক আশ্বাসিয়া।
গৃহক গৈলন্ত চলি বিদায় কৰিয়া॥২১৩৫
বনগঞাগিৰি পচে গুণিলা মনত।
দুখ খাইবে ধেনু নাই দাদাৰ গৃহত॥
ধেনু অনিবাক লাগি কাচি পাৰি গৈলা।
জল ভাল বাছি ধেনু পালৰ আনিলা॥২১৩৬