পৃষ্ঠা:গুৰুচৰিত.djvu/৪৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫২
গুৰু-চৰিত

শঙ্কৰে বোলয় মোৰ নজানয় ভাৱ।
বৃন্দাবন যাইতে যৈক দিয়া ৰাৱ পাৱ॥ ২১০৯
তাতে ধ্বজ চন্দ্ৰ যৱ পঙ্কাজ অঙ্কুশ।
দেখিয়া চিনিবো এন্তে পৰম পুৰুষ॥
সেহি কৃষ্ণ এন্তে জানা নহয় মানুষ।
যদুবংশসকলৰ এহেন্তে পুৰুষ॥ ২১১০
ক্ৰীড়া কৰি গোপসমে সিটো দেৱহৰি।
আসিল তেহেন্তে শঙ্কৰ ৰূপ ধৰি॥
পূৰ্ব্বত আমিয়ো দুয়ো সেৱক আছিলো।
সিকাৰণে জানো আন সঙ্গক লভিলো॥ ২১১১
সৰ্বজয় বলৰাম পৰ্ম্মানন্দ সন্ত।
পুৰ্ব্ব খোজ এৰি নৱ খোজত পৰন্ত॥
যেহি খোজ দেখে পঙ্ক চিহ্ণ আছে বান্ধি।
তাতে তাতে তিনিয়ো পৰন্ত কান্দি কান্দি॥ ২১১২
তাত পাচে খোজচয়ে সাঞ্চ নবান্ধিল।
শঙ্কৰৰ মায়া তিনি ভক্তক কহিল॥
তেসম্বে মনত পাসৰিলা সিটো জ্ঞান।
পাইলা গৈয়া বৃন্দাবন কতোক্ষণমান॥২১১৩
সিটো অহা বিতোপন বন সবে দেখি।
একো দিশি লাগি কেহো নভাসন্ত আখি॥
বাহ্ৰয় বনৰ বাহ্ৰ দেখিলেক ভাৱ।
পৰম সুন্দৰ দেখি শিহৰিল গাৱ॥২১১৪