পৃষ্ঠা:গুৰুচৰিত.djvu/৪৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪২
গুৰু-চৰিত

আমাসাৰ প্ৰাণপতি এন্তে ৰঘুনাথ।
এহি বুলি পাৱত দিবাক চান্ত মাথ॥২০৫৪
ৰামৰাম বুলিয়া শঙ্কৰে তুলি ধৰি।
চাৰিয়ো বিপ্ৰক মাতি কৰযোৰ কৰি॥
চাৰিয়ো যুগতে জানা বিপ্ৰলবে পূজ্য।
কহিলোহো ইটো কথা বেদান্তৰৰ গুহ্য॥২০৫৫
ব্ৰাহ্মণে বোলন্ত ধিক ধিক বিপ্ৰকায়।
তুমি প্ৰভু ৰামচন্দ্ৰ জানো অভিপ্ৰায়॥
হেন শুনি ৰূপসনাতনে বোলে বাক।
জগত ঈশ্বৰ তুমি জানোহো তোমাক॥২০৫৬
চাৰিয়ো জনক চাৰি গোট টকা দিল।
আৰো দিনা প্ৰাতসতে শঙ্কৰ লৰিল॥
উত্তৰ বাহিনী গঙ্গা দেখিবাক মনে।
চলি গৈলা পাঞ্চজন পৰম যতনে॥২০৫৭
বিদায় কৰিয়া ৰূপসনাতন গৈল।
শঙ্কৰৰ চৰণৰ ধূলা মুচি লৈল॥
আপুনাৰ ভৱনক চলি গৈলা তিনি।
গঙ্গাক পাইলন্ত দেৱ শঙ্কৰে আপুনি॥২০৫৮
উত্তৰ বাহিনী গঙ্গা দেখিলা শঙ্কৰে।
যাত্ৰী সুম নামি স্নান কৈলা তাতপৰে।
তাতো পিণ্ড লগাইলন্ত কৰিয়া ৰতন।
ভূষিলন্ত শঙ্কৰে যতেক পিতৃগণ॥২০৫৯