পৃষ্ঠা:গুৰুচৰিত.djvu/৪৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৯
তৃতীয় খণ্ড

দক্ষিণত স্নান কৈলে লালুক বজায়।
পশ্চিমৰ বাটে যাই কালা জল পায়॥
উত্তৰ বাটত দুধ সম পাই জল।
তেবে শৰীৰৰ জানা গুচে শাপবল॥
আপুনি ঈশৰ তেন্তে শ্ৰীমন্ত শঙ্কৰ।
তাত কৰি শ্ৰেষ্ঠ আছে কোন তীৰ্থবৰ॥
গৈলন্ত তীৰ্থক তেন্তে কৰিতে মুকুত।
নেদেখিয়া কেহো কিছো কথা অদভুত॥২০৩৯
প্ৰথমে পূবৰ বাটে স্নান দান কৰি।
শঙ্কৰে তীৰত উঠিলেক বিষ্ণু স্মৰি॥
পিতৃ-পিতামহৰ লগাইলা পিণ্ডচয়।
দক্ষিণৰ বাটে স্নান কৈলা মহাশয়॥২০৪০
তাতে বিধিপূৰ্ব্বক পিণ্ডক যেবে দিলা।
তাত অনন্তৰে পশ্চিমৰ ঘাটে গৈলা॥
স্নান কৰি তাহাতো কৰিলা পিণ্ডদান।
উত্তৰ বাটত পুনু কৰিলন্ত স্নান॥২০৪১
তৈতো কৰিলন্ত পাচে পিণ্ড জলাঞ্জলি।
তাত পাচে বৃক্ষৰ তলক গৈলা চলি॥
বসিলন্ত যাত্ৰীলোক তাৰ লৈয়া ছায়া।
শঙ্কৰক দিলা ফল কৰি অতি দায়া॥২০৪২
সিটো ফল মহিমাক নযায় কখন।
তাক খাইলে ক্ষুধা তৃষ্ণা হৰে তেতিক্ষণ॥