পৃষ্ঠা:গুৰুচৰিত.djvu/৪৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৭
তৃতীয় খণ্ড

তোমাৰ কৃপাক কোনে বুজিলেক
 কৈলা নিজ ধৰ্ম্ম সাৰ।
অনাদি জন্মৰ সমস্তে নৰৰ
 আছয় পাপ ভাণ্ডাৰ॥২০৩০
অৰণ্যক যেন দহয় প্ৰত্যেক
 অগনিচয় লগাই৷
তেমনে কলিৰ লোক সমন্তৰ
 বাসনা কৰিলা ছাই॥
আবে গুৰুদেৱ পাৱে কৰো সেৱ
 দিয়ো ভকতৰ সঙ্গ৷
দান্তে তৃণ ধৰো কাতৰ কৰোহো
 আশা নকৰিয়ো ভঙ্গ॥ ২০৩১
কালসৰ্প গিলে কৈত মৃত্যু নিলে
 দিবো তযু পদে ঠাই৷
তোমাৰ চৰণ বিনে নাৰায়ণ
 আৱৰ নিস্তাৰ নাই॥
কোটি কোটি জন্ম অনেক অকৰ্ম্ম
 কৰিয়া ফুৰিলো হৰি৷
একোমতে মোৰ নভৈল বিস্তাৰ
 ভুঞ্জো পাপ মৰি মখি॥২০৩২
জানি বুধজন এৰি জ্ঞান মন
 ধৰা মাৱৰ নাম॥