পৃষ্ঠা:গুৰুচৰিত.djvu/৪৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৭
তৃতীয় খণ্ড

হেন শুনি শঙ্কৰেয়ো উত্তৰক দিলা।
দাৰুব্ৰহ্ম মুখ চাই বচন বুলিলা॥
শুনা জগন্নাথ তুমি মোৰ নিজ অংশ।
এন্তে বলভদ্ৰ জানা আমাৰেসে অংশ॥১৯৯৯
হোৱন্ত সুভদ্ৰা সতী আমাৰ ভগিনী।
ইন্দ্ৰদ্যুম্ন প্ৰাৰ্থিলা আসিলা তোৰা তিনি॥
কলিৰ মলিন লোক সবে নষ্ট যাই।
তাক কৃপা কৰিলো আশয় আৰ নাই॥২০০০
মনুষ্য চেষ্টাক দেখাই আসিলো ইঠাই।
পাষণ্ডসকলে মোক চিনিয়ো নাপাই॥
কলিযুগ মধ্যে তুমি পৰম উত্তম।
নাহিকয় শ্ৰেষ্ঠ আন জানা তযু সম॥২০০১
কলিৰ মনুষ্য নমানিবে নপৰয়।
তোমাক দেখিলে সদ্যে মুকুতি পাৱয়॥
শুনা সভাসদ পদ দেৱ শঙ্কৰৰ।
একচিত্ৰ মনে শুনা যত সাধু নৰ॥২০০২
নিচিন্তি আছাহা কালে ধৰিলেক পৰা।
গুৰুদেৱ নুসুমৰি মিছাত নমৰা॥
কলিৰ যুগত ধৰ্ম্ম একো নাহি আৰ।
গুৰুপদে ধৰি হুয়ো সংসাৰৰ পাৰ॥২০০৩
গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু পিতা মাতা।
গুৰু বিনে সংসাৰত নাহি গতিদাতা॥