সৰ্ব্বজয় চক্ষু মেলি দেখিলেক পাচে।
তিনি গুটি সুন্দৰ মাৰ্জ্জাৰী আসি আছে॥১৯৬০
খুটি খুটি প্ৰসাদক লৈয়া আছে আৰি।
প্ৰসাদক খাইবে লৈয়া উঠি সেহি বাৰী॥
খাই খাই বুলি সৰ্ব্বজয় দিল ডাক।
দেখিয়া শঙ্কৰে নিষেধিয়া বোলে তাক॥ ১৯৬১
ইটো বিড়ালীক জানা খেদিবে নাপায়।
ৰামৰাম উঠিলন্ত চেতনক পাই॥
বিড়ালীক দেখিলে সমন্তে বিস্ময়।
আথবেথ কৰি যাত্ৰীসবে বেঢ়ি লয়॥১৯৬২
চন্দাৱলী ৰজনী যেহেন দিনে প্ৰায়।
বেঢ়ি আছে তিনিয়ো মাৰ্জ্জাৰী দেখে নাই॥
নেদেখি মাৰ্জ্জাৰী ভৈলা সমন্তে বিস্ময়।
সবে জানিলেক সত্যে মাৰ্জ্জাৰী নহয়॥১৯৬৩
খেদা গুড়া কৰি পুনু সবে নিদ্ৰা গৈল।
শুনিয়োক তত পাচে যেন কথা ভৈল॥
আসনে সহিতে জগন্নাথ আসিলন্ত।
যাত্ৰীসকলক পাচে স্বপ্ন দেখাইলন্ত॥১৯৬৪
শুনিয়ো কন্দলী ৰামৰাম সৰ্ব্বজয়।
দেৱভোগ্য যোগ্য জানা আমাৰ মিলয়॥
ভুঞ্জি আছো অন্ন বহু পিঠা পৰমান।
নাহি স্বাদ সিসবত ইহাৰ সমান ॥১৯৬৫
পৃষ্ঠা:গুৰুচৰিত.djvu/৪৩৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২০
গুৰু-চৰিত