পৃষ্ঠা:গুৰুচৰিত.djvu/৪৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৬
গুৰু-চৰিত

গৌৰাঙ্গ শৰীৰ ভুনি কৰয় জেউতি।
চলন্তে দেখিয়ো ৰাজহংস যেন গতি॥১৯৩৮
সবাতে উচ্ছ্ৰিত হুয়া তেন্তে চলি আসে।
সমস্ততে কৰি তান শৰীৰ প্ৰকাশে॥
প্ৰসাদক নতো পান্তে যাত্ৰীক কহিব।
দিলে জগন্নাথ বুলি থানক লেখিব॥১৯৩৯
মোহোৰ প্ৰভাৱে তোৰা সকলে চিনিবি।
শঙ্কৰৰ আগে এহি প্ৰসাদক দিবি॥
তোৰা সব আসিলে আমিয়ো তৈকে যাইবো।
শঙ্কৰৰ অৱশেষ প্ৰসাদক খাইবো॥১৯৪০
হেন কথা শুনি পাণ্ডাগণ গৈল চলি।
জগন্নাথ বাক্যচয় বাহস্তু আকলি॥
প্ৰসাদক লৈয়া পাঞ্চজন পাণ্ডা যাস্ত৷
কহিত শঙ্কৰ বুলি পথে গেৰিয়ান্ত॥১৯৪১
শঙ্কৰ শঙ্কৰ বুলি পাণ্ডা গেৰিয়াই।
বহুতৰ নানা দেশযাত্ৰী লগ পাই॥
সবাতে পুছিলা দেখে নাহিকে শঙ্কৰ।
পাণ্ডাৰ বচনে যাত্ৰী দিলন্ত উত্তৰ॥১৯৪২
নজানোহোঁ শঙ্কৰ আহত কোন ঠাই।
হেন শুনি পাণ্ডা পাচে যান্ত গেৰিয়াই॥
দুইহন্তে দেখন্ত সন্দৰ এক নৰ।
পাণ্ডা বোলে এহিজন জানোহো শঙ্কৰ॥১৯৪৩