পৃষ্ঠা:গুৰুচৰিত.djvu/৪২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১২
গুৰু-চৰিত

তোমাৰেসে পদে পাই পূৰ্ব্বে মুক্ত ভৈলো।
জগত পবিত্ৰকাৰী সিকাৰণে হৈলো॥১৯১৬
পাতকীৰ পৰশত ভৈল বহু পাপ।
তবু পদ পৰশনে হৈবোহো নিষ্পাপ॥
এহি বুলি শঙ্কৰক সবোয়ো নমিলা।
ৰাম ৰাম বুলি পাচে কন্দলী উঠিলা॥১৯১৭
লোম শিহৰয় তান জাত জাত কৰি।
দুইধৰা লোতক বহয় সৰসৰ্ৰি॥
মাৱ মাৱ বুলিয়া কন্দলী দিল ৰিঙ্গ।
বসিলন্ত শঙ্কৰ যেহেন মত্ত সিংহ॥১৯১৮
সমস্ত যাত্ৰীয়ে তৈতে বসিলন্ত জাগি।
কন্দলী উঠিয়া চান্ত চতুৰ্ভিতি লাগি॥
কি ভৈল কি ভৈল বুলি পুছে ৰামৰাম।
কহিয়োক গুৰু কিবা ভৈল মন্দকাম॥১৯১৯
কন্দলী বোলয় মই দেখিলো সোপান।
শঙ্কৰৰ পাশে আইলা কন্যা নৱজন।
সুৱৰ্ণৰ মালা দিয়া নমস্কাৰ কৈল।
নাজান সুন্দৰীগণ কোন থানে গৈল॥১৯২০
বোল তযু পদ পশনে মুক্ত ভৈলো।
পাপীৰ পৰশে জানো পুণ্যহীন হৈলো॥
শুধু পৰশনে জানো নিষ্টে নিন্তৰিব।
আৰকা পাপৰ হন্তে নিশ্চয় ভৰিব॥১৯২১