পৃষ্ঠা:গুৰুচৰিত.djvu/৪২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১০
গুৰু-চৰিত

তুমি বিনে নিষ্টে আন নাহিকে পসাৰী।
বৈকুণ্ঠপুৰৰ হতে আনিলাহা পাৰি॥১৯০৫
তুমি যদি টকা দিয়া আছাহা কিনিয়া।
আকাশৰ হন্তে লোক গৈলা সাজ দিয়া॥
চৈধ্য জন লোক আইল লগে সিজনৰ।
তাহান শৰীৰ কাৰো নাহি পটন্তৰ॥১৯০৬
কিবা ইন্দ্ৰ চন্দ্ৰ কিবা দেৱ সৃষ্টিকৰ।
কিবা ত্ৰিনয়ন পশুপতি মহেশ্বৰ॥
ৰূপ দেখি তাহাঙ্ক আছিলো আমি চাই।
চৈধ্য জন লোক সাজ গৈলন্ত পেলাই॥১৯০৭
বলৰাম ৰামৰম আৰু সৰ্ব্বজয়।
যাত্ৰীসকলৰ আগে সিটো কথা কয়॥
মহেন্দ্ৰ কন্দলী বোলে কিনো মোৰ শৰ।
জগন্নাথ সমে দুইৰো তুল্য কলেৱৰ॥১৯০৮
জগন্নাথ প্ৰভু পাশে যাওঁ কিক লাগি।
নিচিনিলো শঙ্কৰক আমি মন্দভাগী।
হেন কথামতে যেবে গৈল সিটো ৰাতি।
প্ৰাতসতে লৰিলন্ত আছে যত যাত্ৰী॥১৯০৯
এহিমতে থানে থানে শঙ্কৰ ৰহন্ত।
যাত্ৰীসকলেয়ো কিছু দুখ নপাৱন্ত॥
আনন্দতে সবে শঙ্কৰৰ লগে যাই।
মহাশ্ৰম দুখ হেন কাৰো মনে নাই॥১৯১০