পৃষ্ঠা:গুৰুচৰিত.djvu/৪২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৬
গুৰু-চৰিত

কৃষ্ণ ভাৰ্য্যা ৰুক্মিণীক নমিলে সুমালিনী।
তাহাঙ্ক বিবাহ হৰি কৰিলন্ত আনি॥ ১৮৮৩
কৃষ্ণৰ চৰণে নমিলেক সুমালিনী।
মাধৱক বুলিলে বহু স্তুতি বাণী॥
তুষ্ট হয়া দামোদৰ দিলেক যে বৰ।
যেনমতে গতি মোৰ হোৱে গদাধৰ॥ ১৮৮৪
শুনি হাসি হৰি পাচে বুলিলা বচন।
আলিপুখুৰীত শঙ্কৰ জন্মে যেতিক্ষণ।
পাচে জগন্নাথ ক্ষেত্ৰে তেন্তে যাইব চলি।
দোকানী স্বৰূপে তৈতে পসাৰ থৈবি মেলি॥ ১৮৮৫
পাচে লাগ পাইবি তৈতে সেহি শঙ্কৰক।
শঙ্কৰক দিবি তোৰ সব অশ্বৰ্যক॥
সবে যাত্ৰী সমস্তক নমস্কাৰ কৈবি।
মাস মুগ কলাই যাত্ৰী সমস্তক দিবি॥১৮৮৬
বুলিবাহা ইটো কথা পাইলা কৈত তোৰা।
চন্দ্ৰপুৰাণৰ হন্তে পাইলো ইটো ওৰা।
হেন জানি তুমি সব সমস্তে ভুঞ্জিয়ো।
আন কেন গতি হোৱে তাহাক দেখিয়ো॥ ১৮৮৭
হেন শুনি যাত্ৰীসবে সমস্তকে নিলে।
পৰম হৰিষে সবে বস্তুক ভূঞ্জিলে॥
দেখিয়া পসাৰী আপুনাৰ টকা যত।
শঙ্কৰৰ আগে দিয়া দিলন্ত সমস্ত॥ ১৮৮৮